Kukuha lyrics by Shankuraj Konwar, Anurag Saikia
The beautiful lyrics of Assamese Song "Kukuha" by Anurag Saikia
Song-Kukuha
Singer-Shankuraj Konwar
Lyrics- Rahul Gautam Sharma
Music- Anurag Saikia
Album- Anurag Saikia collective
এই সময় শিল হৈ সৰা প্ৰলয়
এই সময় হিম হৈ ডেই যায় হৃদয়
শুব দে শুব দে এবাৰ শুব দে
ভাগৰৰ হিমালয়
পৰাণৰ এঙাৰৰ কুকুহা উৰি যায়
ধৰফৰ অনুনয়
এই সময়...
উজাগৰ মোৰ প্ৰতি ৰাতি ভগা ভাওনাৰ পিতামহে
উচুপি কিনো কয়
বচনৰে অজগৰে বগুৱা বাই বুকু পালে
ৰাজহাড় ধূলি হয়
কাঁইটীয়া মোৰ শেতেলিতে শেষ নিয়তি
খেলিমেলি মোৰ জীৱনৰ মই নিজে সমাধি
শুব দে শুব দে এবাৰ শুব দে
ভাগৰৰ হিমালয়
পৰাণৰ এঙাৰৰ কুকুহা উৰি যায়
ধৰফৰ অনুনয়
এই সময়...
পাপৰে পুখুৰীত কালৰে কিৰিলি
পাষানৰে দেউশাল
কুৰুকি কুৰুকি অতীতৰ আহুতি
খৰমান মহাকাল
ধৰাতে ধাৰাসাৰ ধুমুহাৰ ধূলি
শুব দে শুব দে এবাৰ শুব দে
ভাগৰৰ হিমালয়
পৰাণৰ এঙাৰৰ কুকুহা উৰি যায়
ধৰফৰ অনুনয়
এই সময়...
Comments
Post a Comment